মাটিৰ জোখ মাপ
মাটি কেনেকৈ জোখা হয় ? অথাৎ মাটিৰ হিচাপ কেনেকৈ কৰে ? আপুনি জানেনে!
পুৰণি বা ব্ৰিটিছ পদ্ধতিৰ সহায়ত মাটিৰ জোখ মাপ
বৰ্তমান চৰকাৰীভাৱে এইটো পদ্ধতি অচল যদিও সাধাৰণ মানুহৰ মাজত এই নিয়ম বোৰ অতি জনপ্ৰিয়।
১২ ফুট = ১ নল
১৪৪ বৰ্গফুট = এক লেচা =১ নল × ১ নল
২০ লেচা = ১ কঠা = ২০ × ১৪৪ = ২৮৮০ বৰ্গফুট
১০০ লেচা = ৫ কঠা = ১ বিঘা
৪ বিঘা = ১ পুৰা
এক হেক্টৰ = ১০৭৬৩৯.১০৪২ বৰ্গফুট
চৰকাৰী পদ্ধতি বা মেট্ৰিক পদ্ধতিৰ সহায়ত মাটিৰ জোখ মাপ
১০০ বৰ্গ মিটাৰ = ১ আৰ্ = ১০০ চেন্টিআৰ্
এক লেচা মাটি = ০.১৩৪ আৰ্
দহ লেচা = ১.৩৪ আৰ্
পোন্ধৰ লেচা = ২.০১ আৰ্
এক কঠা = ২.৬৮ আৰ্
এক বিঘা = ১৩.৪ আৰ্