অসমীয়া লোক সংস্কৃতি
Table of Contents
Short Types Questions Answer
চমু উত্তৰ দিয়াঃ
(ক) ‘লোক সংস্কৃতি’ পাঠটিৰ লেখক কোন?
উত্তৰঃ ড° নবীনচন্দ্ৰ শৰ্মা।
(খ) ড° নবীনচন্দ্ৰ শৰ্মাৰ জন্ম কোন চনত হৈছিল।
উত্তৰঃ ইং ১৯৩৮ চনত।
(গ) ড° নবীনচন্দ্ৰ শৰ্মাৰ কোনখন পুথিৰে যোগেদি লোপ পাব খোজা ওজাপালি অনুষ্ঠানটোক অসমৰ ৰাইজৰ ওচৰত মেলি ধৰে?
উত্তৰঃ ‘অসমৰ ওজাপালি’ নামৰ পুথিখনৰ যোগেদি।
(ঘ) লোক সাহিত্যৰ সন্ধানত ড° নবীনচন্দ্ৰ শৰ্মা আমেৰিকাৰ ক’লৈ গৈছিল?
উত্তৰঃ কেলিফোর্ণিয়াৰলৈ।
(ঙ) ড° নবীনচন্দ্ৰ শৰ্মাই ৰচনা কৰি প্ৰকাশ কৰা পুথিৰ সংখ্যা কিমান?
উত্তৰঃ প্ৰায় ৯৭খন।
(চ) ‘লোক’ শব্দৰ সলনি কি কি শব্দ ব্যৱহাৰ কৰিব পাৰি?
উত্তৰঃ ‘লোক’ শব্দৰ সলনি জন, গঞা, গণ আদি শব্দ ব্যৱহাৰ কৰিব পাৰি।
(ছ) ‘লোক’ পদটোৱে কি অৰ্থ বুজায়?
উত্তৰঃ ৰাইজ।
(জ) ‘লোক-সংস্কৃতিক অন্য কি বুলিব পাৰি?
উত্তৰঃ গঞা-সংস্কৃতি বা সৰ্বসাধাৰণৰ সংস্কৃতি।
(ঝ) জনসাধাৰণৰ বা লোক সাধাৰণৰ আচৰণৰ সমষ্টিক কি বোলা যায়?
উত্তৰঃ লোক-সংস্কৃতি বা গঞা সংস্কৃতি বা সর্বসাধাৰণৰ সংস্কৃতি।
(ঞ) লোক-জীৱনত যুক্তিতকৈ অধিক গুৰুত্ব কিহত নিয়া হয়?
উত্তৰঃ বিশ্বাসত।
‘ক’— ভাব বিষয়ক
১। তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখা।
(ক) লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?
উত্তৰঃ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলে।
(খ) লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ?
উত্তৰঃ লোক সমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ।
(গ) লোককৃষ্টি কাক বোলা হয়?
উত্তৰঃ গঞা বা গাৱঁলীয়া সমাজে প্রয়োজনবোধে সম্পাদন কৰা কৰ্মৰ মাজতে উৎসৱ, গীত-নাচ, অভিনয় আদিৰ সমষ্টিকে লোককৃষ্টি বোলা হয়।
(ঘ) লোক সংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়?
উত্তৰঃ লোক সংস্কৃতিৰ দৃশ্যমান দিশক পৰিৱেশ্য কলা বোলা হয়।
(ঙ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা সাধুকথাৰ পুথিখনৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা সাধুকথাৰ পুথিখনৰ নাম ‘বুঢ়ী আইৰ সাধু’।
প্রশ্ন ২। লোকসমাজ সম্পর্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি?
উত্তৰঃ লোকসমাজক বিশেষকৈ গাৱঁলীয়া লোক সমাজক কোনো কোনো লোকতত্ত্ববিদে সমাজৰ নিম্নস্তৰ বুলি কব খোজে। কিন্তু এই ধাৰণা লেখকে গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰিছে। গাৱেঁ ভূঞে থাকিলেও লোকসমাজ নিম্নস্তৰৰ নহয়, কাৰণ বহুতো শিক্ষিত লোক গাৱঁত থাকে। আনহাতে কেৱল আঢ্যৱন্ত লোকেই নগৰত নাথাকে। বনুৱা কামিলা আদিও নগৰত বাস কৰে। নগৰত বাস কৰিলেও বনুৱা বা কামিলা শ্ৰেণীৰ লোকক লেখক উন্নত বুলি স্বীকাৰ কৰা নাই।
প্রশ্ন ৩। চমুটোকা লিখা।
নিচুকনী গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্রুতি, জিকিৰ, দেহ বিচাৰৰ গীত, হুচৰি গীত।
উত্তৰঃ নিচুকনী গীত :- কেঁচুৱা ল’ৰা-ছোৱালীক টোপনি নিয়াবৰ বাবে গোৱা গীতবোৰক নিচুকনী গীত বোলা হয়।
মালিতা বা কাহিনী গীত :- অসমীয়া আখ্যানমূলক গীতবোৰক মালিতা বা কাহিনীমূলক গীত বোলে। আখ্যানমূলক গীত বা বেলাড (Ballads) বুলিও এই গীতবোৰক জনা যায়। বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি মালিতা বা কাহিনী গীত।
সাঁথৰ :- বুদ্ধি পৰীক্ষাৰ এবিধ মৌখিক খেলক সাঁথৰ বুলিব পাৰি। অসমীয়া গাৱঁলীয়া সমাজত সাঁথৰৰ জনপ্ৰিয়তা আছে। সাঁথৰবোৰ গদ্য বা পদ্য দুয়ো ধৰণে পোৱা যায়।
জনশ্ৰুতি :- মানুহৰ মুখে মুখে চলি অহা কিছুমান কাহিনীৰ বিশ্বাসক জনশ্ৰুতি বোলা হয়। সমাজত প্ৰচলিত ভালেমান ৰীতি-নীতি, উৎসৱ পাৰ্বণ আদি জনশ্রুতি অনুসৰি অনুষ্ঠিত হৈ অহা দেখা যায়।
জিকিৰ :- মুছলমান সমাজৰ এবিধ ধর্মমূলক গীত। আজান পীৰে জিকিব গীতবোৰ ৰচনা কৰিছিল৷
দেহবিচাৰৰ গীত :- এবিধ ভকতীয়া গীত। কেৱলীয়া ভকতসকলে টোকাৰী গীতৰ দৰে এই গীত পৰিবেশন কৰে।
হুচৰি গীত :- বহাগ বিহুৰ বতৰত চ’ত মাহত ডেকাসকলে গৃহস্থৰ ঘৰে ঘৰে গৈ হুচৰি গীত পৰিবেশন কৰে। হুচৰি গোৱা ডেকাসকলক গৃহস্থই টকা পইচা দি সেৱা সন্মান জনায়। ডেকাসকলে গৃহস্থক আশীর্বাদ দিয়ে।
প্রশ্ন ৪। “লোকজীৱন তিনিটা ভাগত বিভক্ত” —লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া।
উত্তৰঃ লোকজীৱনৰ ভাগ তিনিটা হৈছে—
(ক) সামাজিক আচাৰ অনুষ্ঠান।
(খ) ভৌতিক বা বস্তু সংস্কৃতি। আৰু
(গ) লোক পৰিৱেশ্য কলা।
প্রশ্ন ৫। বহলাই লিখা।
(ক) সামাজিক আচাৰ অনুষ্ঠান।
(খ) লোক পৰিৱেশ্য কলা।
(গ) ভৌতিক বা বস্তু সংস্কৃতি।
উত্তৰঃ (ক) সামাজিক আচাৰ-অনুষ্ঠান – পৰম্পৰাগত জীৱন হ’ল মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজত সংযোগসূত্ৰ। পৰম্পৰাগত জীৱন মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজত সংযোগ সেতু। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত খেতি-বাতি, জন্ম-মৃত্যু, বিবাহ আদি বিষয়ক ৰীতি-নীতি, আচাৰ-ব্যৱস্থা-অনুষ্ঠান। আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান, সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত।
যেনে – উৎসৱ অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল-ধেমালি, লোক ঔষধ আৰু লোক ধৰ্ম।
(খ) লোক পৰিবেশ্য কলা – পৰম্পৰাগত ভাবে সমাজতচলি অহা সঙ্গীত, নৃত্য, নাট আদিয়েই লোক পৰিবেশ্য কলা। কোনো এটা সাধুকথা কোৱা বা লোক গীত এটা গোৱাকে পাৰিবেশন কৰা বুলি কোৱা হয়। এই পদ্ধতি এজন বা কেইবাজনো লোকে লোকবাদ্যযন্ত্ৰ, নৃত্যৰ সাজ পাৰ আৰু, দৃশ্য বিৱৰণীৰ সৈতে ৰূপায়ণ কৰা পদ্ধতিতকৈ আকস্মিক ধৰণৰ৷ লোকনাট গীত, নৃত্য আৰু নৃত্যৰ সমষ্টি। সংলাপতকৈ গীত-নৃত্যৰ গুৰুত্ব লোকনাটত অধিক।
(গ) ভৌতিক বা বস্তু সংস্কৃতি – লোক সংস্কৃতিৰ দৃশ্যমান দিশটোৱেই ভৌতিক বা বস্তু সংস্কৃতি। জীৱন যাপনৰ বাবে প্রয়োজনীয় সা-সামগ্রী তৈয়াৰ, খোৱা-লোৱা বয়-বস্তু আদিৰ ৰন্ধাবঢ়া আদিয়েই ভৌতিক সংস্কৃতি বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্রী। ভৌতিক সংস্কৃতিৰ উপ-বিভাগ কেইটা হৈছে ক্ৰমে—লোককলা, লোকশিল্প, লোকস্থপতি ‘কলা, লোক আভৰণ আৰু লোকৰন্ধন প্রণালী।
প্রশ্ন ৬। লোকনাট কিহৰ সমষ্টি বুলি লেখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ লোকনাট গীত আৰু নৃত্যৰ সমষ্টি বুলি লেখকে কৈছে। লোকনাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া নহয়। সংলাপতকৈ গীত আৰু নৃত্যৰ ওপৰতহে গুৰুত্ব দিয়া হয়।
লোক নাট হৈছে লোক পৰিবেশ্য কলা। পৰম্পৰাগত সংগীত, নৃত্য-নাচ আৰু নাট আদিয়েই লোক পৰিবেশ্য কলাৰ উপাদান। পৰিবেশ্য কলাৰ পৰিসৰে গীত, নৃত্য, বাদ্যযন্ত্র আদিক সামৰে।
প্রশ্ন ৭। লোকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবোৰৰ নাম লিখা।
উত্তৰঃ লোক সাহিত্যক পাঁচটা উপভাগত ভগাব পাৰি। সেই ভাগবোৰ হৈছে–
(ক) লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত।
(খ) গদ্যধর্মী সাধুকথা বা লোককথা।
(গ) প্রবচন, বচন, লোকোক্তি, যোজনা, পটন্তৰ।
(ঘ) সাঁথৰ, দৃষ্টান্ত।
(ঙ) লোকভাষা।
প্রশ্ন ৮। ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্রী কি? ইয়াৰ উপবিভাগ কি কি?
উত্তৰঃ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল-সা-সামগ্রী নির্মাণ, খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক বা বস্তুসংস্কৃতিৰ সামগ্ৰী। ইয়াৰ উপ-বিভাগ কেইটা হৈছে— লোককলা, লোক শিল্প, লোক ইপতিকলা, লোক আভৰণ আৰু লোকৰন্ধন প্রণালী।
প্রশ্ন ৯। “অ’ মাই যশোৱা হে, মাই হে যশোৱা”… —গীতটি কোনে লিখিত ৰূপ দিয়ে?
উত্তৰঃ “অ’ মাই যশোৱা হে, মাই হে যশোৱা” গীতটি বিশ্ববরেণ্য কণ্ঠশিল্পী ডঃ ভূপেন হাজৰিকাদেৱে লিখিত ৰূপ দিয়ে।
প্রশ্ন ১০। তাৎপর্য ব্যাখ্যা কৰা।
(ক) লোক সংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি।
(খ) সমাজৰ পৰিবৰ্ত্তনৰ লগে লগে লোক সংস্কৃতিৰো পৰিবৰ্ত্তন ঘটে।
উত্তৰঃ (ক) লোক সংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি– লোক সংস্কৃতিৰ উপাদান গীত-নাচ-সাধুকথা— পটন্তৰ আদি মানুহৰ মুখে মুখে পৰম্পৰাগত ভাবে চলি আহে। শিক্ষিত লোকৰ হাতত পৰিলে উপাদান সমূহে লিখিত ৰূপ লাভ কৰে। অৰ্থাৎ লোকসংস্কৃতিয়ে আধুনিক ৰূপ লাভ কৰে। কিন্তু অধুনিক ৰূপ লাভ কৰিলেও লোক সংস্কৃতিয়ে নিজৰ স্বৰূপ নেহেৰুৱায়। সেইকাৰণেই লেখকে লোক সংস্কৃতি পুৰণি হৈও নতুন নতুন হৈও পুৰণি বুলি কৈছে।
(খ) পৰম্পৰাগতভাবে মানুহে জীৱন ধাৰণৰ প্ৰয়োজনত তৈয়াৰ কৰি লোৱা সা-সঁজুলি, বছৰ, মাহ, পষেক আদিত পালন কৰা লোকবিশ্বাস জনিত উৎসৱ পাৰ্বণ, মানুজৰ সাজ সজ্জা, খোৱা-লোৱা বস্তু-বেহানি, খোৱা বস্তু ৰন্ধাৰ পদ্ধতি, উৎসৱ সমূহত পৰিবেশন কৰা গীত-নাট এই সকলো বিলাকেই লোক সংস্কৃতিৰ অন্তৰ্গত।
সময় গতিশীল আৰু পৰিবৰ্ত্তনশীল । পৰিবৰ্ত্তনশীল সময়ে সকলোকে পৰিবৰ্ত্তন কৰে। সময়ে লোকসংস্কৃতিকো পৰিবৰ্ত্তন কৰে। সময়ৰ পৰিবৰ্ত্তনত মানুহৰ সমাজৰ নিয়ম নীতিৰো কিছু পৰিবৰ্ত্তন ঘটে। অর্থাৎ মানুহৰ নিয়ম-নীতিৰ পৰিবৰ্ত্তনে লোক সংস্কৃতিৰ পৰিবৰ্ত্তন ঘটায়। ওপৰৰ বাক্যটিত এই কথাকে প্ৰকাশ কৰা হৈছে।
‘খ’—ভাষা বিষয়ক
প্রশ্ন ১১। তলৰ শব্দকেইটাত মূৰ্দ্ধণ্য ‘ণ’ আৰু ‘ষ’ হোৱাৰ কাৰণ দর্শোৱা।
কৃষি, অনুষ্ঠান, ধাৰণ, আহৰণ।
উত্তৰঃ কৃষি— স্বভাৱতে মূৰ্দ্ধণ্য ‘য’ হৈছে।
অনুষ্ঠান— অনু শব্দৰ পিছত থকা ‘স্থা’ বৰ্ণৰ দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়।
ধাৰণ— ‘ৰ’ ৰ পিছৰ দন্ত্য ন মূৰ্দ্ধণ্য ‘ণ’ হয়।
আহৰণ— ‘ৰ’ৰ পিছৰ ‘ণ’ মূৰ্দ্ধণ্য হৈছে।
প্রশ্ন ১২। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
বিশ্বাস, মৌখিক সংযোগ, প্রয়োজনীয়, জন্ম, উচিত।
উত্তৰঃ শব্দ – বিপৰীতার্থক শব্দ
বিশ্বাস – অবিশ্বাস।
মৌখিক – লিখিত।
সংযোগ – বিয়োগ।
প্রয়োজনীয় – অপ্রয়োজনীয়।
জন্ম – মৃত্যু।
উচিত – অনুচিত।
প্রশ্ন ১৩। সমার্থক শব্দ লিখা।
গঞা, পিতা, বেমাৰ, চহৰ, লোক।
উত্তৰঃ শব্দ – সমার্থক শব্দ
গঞা – গাৱঁলীয়া, লোক, গণ, গাওঁবাসী।
পিতা – দেউতা, পিতৃদেব, বোপাই।
বেমাৰ – ৰোগ, অসুখ।
চহৰ – নগৰ, জনপদ।
লোক – জন, মানুহ, মানৱ।
অতিৰিক্ত প্রশ্নোত্তৰ
১। ডঃ নবীন চন্দ্ৰ শৰ্মাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ ১৯৩৮ চনত ডঃ নবীন চন্দ্ৰ শৰ্মাৰ জন্ম হৈছিল।
২। ডঃ শৰ্মাই আমেৰিকাৰ কোন চহৰত লোক সাহিত্যৰ সন্ধানত গৈছিল?
উত্তৰঃ আমেৰিকাৰ কালিফোর্নিয়া চহৰলৈ তেওঁ লোকসাহিত্যৰ সন্ধানত গৈছিল।
৩। লোক সাহিত্য আৰু পুৰণি সাহিত্য বিষয়ক ধৰি তেওঁ কিমানখন পুথি ৰচনা কৰিছিল।
উত্তৰঃ তেওঁ প্ৰায় ৯৭ খন পুথি ৰচনা কৰিছিল।
৪। লোক সংস্কৃতি কাক বোলে?
উত্তৰঃ জনসাধাৰণৰ বা লোক সাধাৰণৰ আচৰণৰ সমষ্টিয়েই হ’ল লোক সংস্কৃতি।
৫। লেখকে লোক সংস্কৃতিৰ বিষয়বস্তুক ঘাইকৈ কেই ভাগত ভাগ কৰিছে আৰু কি কি?
উত্তৰঃ দুভাগত ভাগ কৰিছে। লোক সাহিত্য বা বাচিক কলা আৰু লোক জীৱন।
৬। ধর্মীয় গীত কাক বোলে?
উত্তৰঃ সাধাৰণত ধৰ্ম বিষয়ে গোৱা গীতবোৰেই হ’ল ধৰ্মীয় গীত ৷
৭। প্রদত্ত প্ৰৱন্ধটোত লোক জীৱনক কেইটাভাগত ভগোৱা হৈছে আৰু কি কি?
উত্তৰঃ লোক জীৱনক তিনিটা ভাগত ভগোৱা হৈছে। যেনে— সামাজিক আচাৰ অনুষ্ঠান, ভৌতিক বা বস্তু সংস্কৃতি, আৰু লোক পৰিবেশ্য কলা।
Most Search Question
লোক সংস্কৃতি বুলিলে কি বুজা ?
সাধাৰণ মানুহৰ কথাত, তেওঁলোকৰ চিন্তা আৰু কৰ্মত জনসংস্কৃতিৰ জন্ম হয়। বৃহত্তৰ গ্ৰাম্য জনসংখ্যাৰ ধৰ্মীয় আৰু সামাজিক বিশ্বাস, আচাৰ-অনুষ্ঠান, জীৱনশৈলী, কলা আৰু মনোৰঞ্জন আদিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা সংস্কৃতিক লোকসংস্কৃতি বুলি কোৱা হয়।
সংস্কৃতি বুলিলে কি বুজা ?
সংস্কৃতি (culture) শব্দৰ অৰ্থ হ’ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই সংস্কৃতি৷ ই মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ । জীৱনৰ বিভিন্ন কৃতিয়েই সংস্কৃতি৷ ‘সংস্কৃতি’ পদটো সংস্কাৰৰ লগতে বিশেষভাৱে জড়িত । যাৰ সংস্কাৰ হৈছে সিয়ে সংস্কৃতি। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰা দৈনন্দিন জীৱনত নানা কাৰ্য নিয়মিতভাবে কৰিবলৈ লয় আৰু ইয়ে পৰম্পৰাত পৰিণত হয়৷ গতিকে সংস্কৃতি প্ৰাকৃতিক নহয়, ই মানৱ সৃষ্ট । মানুহৰ জীৱন ধাৰণৰ কৌশল সলনি হোৱাৰ লগে লগে সংস্কৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰে ৷ সেয়ে ই পৰিৱৰ্তনশীল ৷ নদীৰ সোঁতৰ দৰে সংস্কৃতিৰ ৰূপ সময়ৰ লগে লগে সলনি হৈ থাকে৷
সংস্কৃতিৰ বৈশিষ্ট্য সমূহ:
মানুহে সভ্যতাৰ পোহৰ পোৱাৰে পৰা সংস্কৃতি আৰম্ভ হয়। মানুহে যেতিয়াৰ পৰা ক’বলৈ ধৰিলে, প্ৰতীক ব্যৱহাৰ কৰিবলৈ ধৰিলে তেতিয়াৰ পৰাই সংস্কৃতিৰ আৰম্ভ হয় বুলিব পাৰি। মানুহৰ ইতিহাস অধ্যয়ন কৰাৰ লগে লগে সংস্কৃতিৰো অধ্যয়ন কৰা হয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিয়ে বাগৰ সলায়। সময়ৰ হেঁচাত সংস্কৃতিৰ কিছুমান উপাদান হেৰাই যায়, কিছুমান নতুন নতুন উপাদান সংযোগ হয়। কিন্তু সংস্কৃতি নিজেই গতিশীল অৰ্থাৎ চিৰ প্রবাহমান। সংস্কৃতিৰ কেইটামান বৈশিষ্ট্যৰ কথা হোৱাইটে উল্লেখ কৰিছে।
লোকসংস্কৃতিৰ আন এজন গৱেষক হাস্কোভিটৱে সংস্কৃতিৰ তিনিটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে—
(ক) মানৱ অভিজ্ঞতাত সংস্কৃতি বিশ্বজনীন, তদুপৰি ইয়াৰ স্থানীয় আৰু আঞ্চলিক ৰূপ লক্ষ্য কৰা যায়। এই স্থানীয় বা আঞ্চলিক ৰূপৰ মাজেদিয়ে সংস্কৃতিৰ বিশ্বজনীন বৈশিষ্ট্য প্ৰকাশ পায়।
(খ) সংস্কৃতি স্থবিৰ অথচ ই গতিশীল, অবিচ্ছিন্ন আৰু অবিৰত পৰিৱৰ্তন ইয়াত স্পষ্ট। বিশেষকৈ জনসাধাৰণৰ জীৱন-পদ্ধতি, যেনে— খোৱা-লোৱা, পিন্ধা-উৰা, ধৰণ-কৰণ আদিত সাংস্কৃতিক পৰিৱৰ্তনৰ স্পষ্ট আভাস পোৱা যায়।
(গ) সংস্কৃতিয়ে আমাৰ জীৱনৰ গতি নিৰ্ধাৰণ কৰে আৰু ইয়াৰ পৰিপুষ্টিত সমল যোগালে কেতিয়াবাহে ই আমাৰ সচেতন ভাব চিন্তাত প্ৰৱেশ লাভ কৰিব পাৰে।
সংস্কৃতিৰ সংজ্ঞা
সংস্কৃতিৰ সংজ্ঞা আৰু স্বৰূপ সম্বন্ধে এটা সুস্পষ্ট ধাৰণা দিয়া কঠিন। অসমীয়া ভাষা সাহিত্যৰ মাজতো এই শব্দটোৰ কেতিয়াৰ পৰা নিগাজিকৈ সোমাই পৰিল সেই বিষয়েও নিশ্চিতভাৱে ক’ব নোৱাৰি। সংস্কৃতিৰ লগত সততে জড়িত হৈ থাকে এখন সমাজ আৰু সেই সমাজখনৰ অংগীভূত সদস্যৰূপে মানুহে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, উৎসৱ-অনুষ্ঠান, আইন-কানুন, নৈতিকতা, অভ্যাস আৰু অন্যান্য সামাজিক উপাদানসমূহ। মানুহৰ জীৱন-ধাৰণৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হৈ আহিছে। মানুহে আদিম অৱস্থাৰ পৰা সভ্য অৱস্থালৈ আহোতে সময়ৰ লগত খাপ খুৱাই জীৱন-যাপনৰ বাবে নিত্য নতুন আহিলা-পাতিৰ আশ্ৰয় ল’ব লগা হ’ল। ইয়াৰ বাবে মানুহে এক নতুন কৃত্ৰিম সাংস্কৃতিক পৰিবেশৰো সৃষ্টি কৰি ল’ব লগা হ’ল। এটা সময়ৰ সেই সকলোবোৰেই মানৱ জীৱনৰ নিত্য ব্যৱহৃত সামগ্রীত পৰিণত হৈ পৰিল। গতিকে এই ফালৰ পৰা ক’ব পাৰি।
“যি বিলাকত প্ৰকৃতিক প্ৰেৰণা থাকিলেও কেৱল প্ৰাকৃতিক নিয়মত হোৱা নাই, কিন্তু মানুহে নিজৰ শৰীৰ আৰু মনৰ বিকাশৰ বাবে, সমাজৰ কল্যাণৰ অৰ্থে সৃষ্টি কৰি লৈছে আৰু মানি লৈ তাক বিকাশ সাধন কৰিছে সেয়ে হ’ল সংস্কৃতি (অসমীয়া লোক সংস্কৃতিৰ আভাস)।”
একেদৰে নৃতাত্বিক অৰ্থতো
“মানুহে জন্মৰ পৰা মৃত্যুলৈকে ভৌগোলিক, সামাজিক আৰু অতিলৌকিক এই তিনিবিধ পৰিৱেশৰ মাজত বাস কৰিবলৈ সমাজৰ স্বীকৃতি লৈ যি কৰে, যেনেকৈ থাকে, যি অৱদান দিয়ে তাকে সংস্কৃতি আখ্যা দিব পাৰি (অসমীয়া লোক সংস্কৃতিৰ আভাস)।”
ইয়াৰ পৰা এটা কথা ক’ব পৰা যায় যে, সংস্কৃতি হ’ল মূলতঃ মানুহৰ জীৱন ধাৰণৰ এক সৎ, শৃংখলিত, আদৰ্শময় জীৱন প্ৰক্ৰিয়া।
লোক-সংস্কৃতিৰ বৈশিষ্ট্য:
অসমৰ গ্ৰাম্য সমাজখনেই অসমৰ লোক-সংস্কৃতিৰ প্ৰধান স্থল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ আচাৰ, ৰীতি-নীতিৰে ধৰ্মনিৰপেক্ষ যিখন সমাজ গঢ় লৈছে, তাৰ তুলনা পৃথিৱীৰ আন ক’তো পাবলৈ নাই। অসমৰ লোক-সংস্কৃতিক সাধাৰণতে চাৰিটা ভাগত ভাগ কৰা হয়- লোক সাহিত্য বা মৌখিক সাহিত্য, ৰীতি-নীতি, লোক-জীৱন আৰু কলাসংস্কৃতি।
অসমীয়া জাতিৰ প্ৰাচীন সাহিত্যসমূহ লোক-জীৱনৰ আধাৰতে সৃষ্টি হৈছে। লোক-বিশ্বাস বুলি লোৱা কথাবোৰৰ পৰাই লোক-সাহিত্য, জন-সাহিত্যৰ সৃষ্টি হৈছে। মৌখিকভাৱে চলি অহা আইনাম, অপেচৰী সবাহৰ গীত, বনগীত, বিহু, বাৰমাহীৰ গীত আদিবোৰেই হ’ল লোক-সাহিত্যৰ অংশ। ইয়াৰ উপৰি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কমি অহা ফকৰা যোজনা, সাধুকথা, জটুৱা ঠাঁচ আদিবোৰো লোক সাহিত্যৰ সম্পদ। যাৰ পৰা সমৃদ্ধিশালী হৈছে আমাৰ লোক-সংস্কৃতি।
অসমীয়া সমাজ ধর্ম নিৰপেক্ষ সমাজ। এই সমাজত বড়ো, মিছিং, কছাৰী, ৰাভা আদি বিভিন্ন জনগোষ্ঠীৰ মানুহে লগ হৈ গঢ়ি তুলিছে লোক-সংস্কৃতিৰ বৰ্ণাঢ্য ৰূপ। অসমত বিহু, আলি-আই-লৃগাং, ঈদ, পূজা, মহৰম আদি একে উছাহেৰে পতা হয়। মৃতকৰ সবাহ, খেতি চপোৱা উৎসৱ আদি আমাৰ লোক-সংস্কৃতিৰ অভিন্ন অংগ। আমাৰ সমাজত অনেক নিয়ম, ৰীতি-নীতি প্রচলিত। দেৱ-দেৱী, ভূত-প্ৰেত, দেৱতা, ওজা-বেজালি আদিৰ দৰে বিশ্বাসে আজিও সমাজত গুৰুত্ব লাভ কৰে।
অসমৰ লোক-জীৱন অতি সহজ-সৰল। পৰ্বত-ভৈয়াম, হিন্দু-মুছলমান, ধনী-দুখীয়া সকলো স্তৰৰ মানুহ একেলগে বাস কৰে ইয়াত। ঘৰ-দুৱাৰ, পিন্ধন-উৰণ, খেলা-ধূলা, লোকাচাৰ চাই ইটো জাতিৰ পৰা সিটোক পৃথক কৰা টান । আটাইৰে সন্মিলিত সংস্কৃতিৰ বান্ধোনত বাটকটীয়া হৈ আছে আমাৰ সংস্কৃতি। পূজা-পাতল, বাঁহ-বেতৰ সঁজুলি নিৰ্মাণ, পুৰণি খেল আদিত অসমৰ সকলোৱে সমূহীয়াভাৱে অংশ লয়। ভেদাভেদ পাহৰি শ শ বছৰ ধৰি অসমীয়া জাতি একে সংস্কৃতিৰে বান্ধ খাই আছে।
কলা-সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ লোক-সংস্কৃতিৰ প্ৰভূত অৰিহণা আছে। ওজাপালি, বিহু, জিকিৰ, পুতলা নাচ, দেওধনী নাচ, আইনাম, ভাওনা আদি বাৰেৰহনীয়া কলা-সংস্কৃতিৰে অসমৰ সংস্কৃতিৰ পথাৰ সমৃদ্ধ। বিভিন্ন সম্প্ৰদায়ৰ মাজত যি ভিন্ন ৰীতি-পৰম্পৰা আছে তাৰ আলমত গঢ়ি উঠিছে আমাৰ লোক-সংস্কৃতি। বিভিন্ন মানুহে বিভিন্ন প্রার্থনাৰ উপায়, আহাৰ, পোছাক পৰিধান আদি কৰে, কিন্তু যেতিয়া একগোট হৈ কোনো অনুষ্ঠানৰ অংশ লয়, তেতিয়া এই ভিন্নতা ধৰা নপৰে। এখন সমাজত একেখিনি নিয়ম-কানুনেই অৱলম্বন কৰা হয়।
One thought on “লোক সংস্কৃতি বুলিলে কি বুজা ? – লোক সংস্কৃতি #9”