Q: কবিতা কাক বোলে?
Table of Contents
Ans: কবিতা জীৱনৰ বৈচিত্র্যময় আৰু জটিল সৃষ্টি । ইয়াৰ সংজ্ঞা সহজ নহয় । তেনেই সহজ ভাষাত কবি হৃদয়ৰ ভাবানুভূতিৰ কল্পনাৰে মণ্ডিত, ভাষাৰ ছন্দ লহৰত অভিব্যক্ত কলাত্মক সৃষ্টিয়ে হ’ল কবিতা ।
কবিতা সাহিত্যৰ এটা প্ৰধান শাখা; আনটো প্ৰধান শাখা হ’ল গদ্য। কবিতা সম্ভৱত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয়-নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামকৰণ কৰা হৈছে। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ। কবিতা হ’ল জীৱনৰ বৈচিত্ৰ্যময় আৰু জটিল সৃষ্টি। কবি হৃদয়ৰ ভাবানুভূতিৰ কল্পনাৰে মণ্ডিত, ভাষাৰ ছন্দ লহৰত অভিব্যক্ত কলাত্মক সৃষ্টি।
অনুমান কৰা হৈছে যে, আদি কবি বাল্মীকিৰ হাততেই অৰ্থাৎ পুণ্যভূমি ভাৰতবৰ্ষতেই পোন প্ৰথমে কবিতাৰ জন্ম হৈছে।
![কবিতা কাক বোলে?[What is Poem?] 2 কবিতা কাক বোলে?[What is Poem?]](https://www.hertrust.in/wp-content/uploads/2023/12/her-trust-.-in-5-1.jpg)
কবিতাৰ সংজ্ঞা :
- প্ৰাচ্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ প্ৰাচ্যৰ পণ্ডিতসকলৰ সৰহভাগেই কবিতাৰ আত্মা বিচাৰি বহু সিদ্ধান্তত উপনীত হৈ বস্তুধৰ্মী সংক্ষিপ্ত সংজ্ঞা নিৰ্দেশৰ কথা পাহৰিয়েই গৈছে। প্ৰাচ্যৰ কেৱল দুজন আলংকৰিকৰ লেখাতহে কবিতাৰ সংজ্ঞাক সূত্ৰৰ আকাৰত পোৱা যায়। সেই দুজন হ’ল- ভামহ আৰু বিশ্বনাথ কবিৰাজ।
- কাব্যলংকাৰ প্ৰণেতা ভামহৰ মতে,”শব্দাৰ্থৌ সহিতৌ কাব্যম”- অৰ্থাত্ শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা।
- বিশ্বনাথ কবিৰাজে তেওঁৰ “সাহিত্য দৰ্পণ” নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এইদৰে আগবঢ়াইছে-“বাক্যং ৰসাত্মকং কাব্যম”-অৰ্থাত্ ৰসময় বাক্যই কবিতা। পাশ্চাত্যৰ পণ্ডিতসকলে আগবঢ়োৱা সংজ্ঞাঃ জনচনৰ মতে, “কবিতা হ’ল ছন্দোবদ্ধ ৰচনা। “
- ৱৰ্ডচৱৰ্থৰ মতে, “নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা। “
- অন্য এটা সংজ্ঞাত তেওঁ আকৌ কৈছে, “উপচি উঠি আপোনা-আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা। “
- মেথিউ আৰ্নল্ডৰ মতে, “কবিতা হ’ল জীৱন-বীক্ষা। “
- ক’লেৰিজৰ মতে, “উত্কৃষ্টতম শব্দপুঞ্জৰ উত্কৃষ্টতম বিন্যাসেই কবিতা।
- অডেনৰ মতে, ” কবিতা হ’ল স্মৰণীয় বাক্য়। “
- কাৰ্লাইলৰ মতে, “কবিতা হ’ল সংগীতময় চিন্তা। “
- থিয়োডৰ ৱাট্ছ-ডাণ্টনৰ মতে, কবিতা হ’ল আৱেগময় আৰু ছন্দোস্পন্দিত ভাষাৰ মাধ্যমত মানৱীয় মনৰ মূৰ্তিমান আৰু শিল্পিত অভিব্যক্তি। “
কবিতাক প্ৰধানকৈ কেই ভাগত ভগাব পাৰি?
সমালোচকসকলে কবিতাক বহলভাৱে দুটা ভাগত ভাগ কৰিছে– বস্তুনিষ্ঠ কবিতা আৰু ব্যক্তিনিষ্ঠ কবিতা ৷
বস্তুনিষ্ঠ কবিতা :- বস্তুনিষ্ঠ কবিতাত কবিয়ে নিজৰ পৰা দৃষ্টি আঁতৰাই নি বৰ্হিজগতৰ ঘটনাৰ ওপৰত দৃষ্টি নিৱেশ কৰে । অর্থাৎ ব্যক্তিগত ভাব অনুভূতি ৰূপায়িত নকৰি বাহ্যিক জগতৰ ঘটনা সংঘাত বৰ্ণনা কৰে । সেয়ে এনে কবিতাক যিমানেই নিজৰ মনৰ পৰশ নিদিয়াৰ চেষ্টা কৰক কবিৰ সম্পূৰ্ণ আত্মবিলুপ্তি সম্ভৱ নহয় । বস্তুনিষ্ঠ কবিতাক আকৌ বিভিন্ন ভাগত ভাগ কৰা হয় । যেনে– মহাকাব্য , খণ্ডকাব্য , মালিতা বা বেলাড , ব্যঙ্গ কবিতা , পেৰোডি ইত্যাদি । অসমীয়া সাহিত্যৰ শংকৰদেৱৰ ৰুক্মিণী হৰণ , হৰিশ্চন্দ্ৰ উপাখ্যান , অনন্ত কন্দলিৰ কুমাৰ হৰণ , ৰামসৰস্বতীৰ বধকাব্য এনে বস্তুনিষ্ঠ কবিতাৰ উদাহৰণ ।
ব্যক্তিনিষ্ঠ কবিতা :- যি কবিতাত কবিয়ে আপোন মনৰ ভাব অনুভূতি আৰু অভিজ্ঞতাক ৰূপায়িত কৰে তেনে কবিতাক ব্যক্তিনিষ্ঠ কবিতা বোলা হয় । এনে কবিতাৰ পৰিসৰ ব্যাপক ভাব – অনুভূতিয়ে প্রধান হোৱা বাবে এনে কবিতাবোৰ নাতিদীর্ঘ হয় । ব্যক্তিনিষ্ঠ কবিতাকে গীতি কবিতা বুলিও কোৱা হয় । আৱেগ অনুভূতিৰ তন্ময়তা, ভাবৰ একময়তা আৰু প্ৰকাশৰ গীতিময়তা এনে কবিতাৰ মূল সম্পদ । ব্যক্তিনিষ্ঠ কবিতাক আকৌ বিভিন্ন ভাগত ভাগ কৰিব পাৰি যেনে — গীতি কবিতা , প্রশস্তি কবিতা , প্রেমমূলক কবিতা , প্রকৃতি বিষয়ক কবিতা , শোক কবিতা , নাটকীয় একোক্তি ইত্যাদি । অসমীয়া সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী , নিয়ৰ , ৰঘুনাথ চৌধাৰীৰ কেতেকী , দহিকতৰা , যতীন দুৱৰাৰ শূন্য পৰিচয় আদি এনে ব্যক্তিনিষ্ঠ কবিতা ।
![কবিতা কাক বোলে?[What is Poem?] 3 কবিতা কাক বোলে?[What is Poem?] what is poem in assamese](https://www.hertrust.in/wp-content/uploads/2023/12/her-trust-.-in-4-1.jpg)
- কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য
- কথা কবিতা বুলিলে কি বুজা?
- আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য
- অসমীয়া ৰোমান্টিক কবিতাৰ পটভূমি ৰ বিষয়ে আলোচনা কৰা
- ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা
- অসমীয়া দেশপ্ৰেমমূলক কবিতাৰ সংগ্ৰহ
- অসমীয়া ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য
- আধুনিক অসমীয়া কবিতাৰ বৈশিষ্ট্য
One thought on “কবিতা কাক বোলে?[What is Poem?]”